Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Psalms 20 IRVAsm

Side by side with the Father's Heart Bible™

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত

1সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক,যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক,

2তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক;তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক।

3তোমাৰ সকলো উৎসৰ্গৰ কথা তেওঁ সোঁৱৰণ কৰক;তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা)

4তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক।তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক।

5তোমাৰ বিজয়ত আমি যেন আনন্দ-ধ্বনি কৰিম;আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম;যিহোৱাই তোমাৰ সকলো প্ৰাৰ্থনা সাম্ফল কৰক।

6এতিয়া মই জানো,যিহোৱাই তেওঁৰ অভিষিক্ত জনক সহায় কৰিব,তেওঁৰ সোঁ হাতৰ বিজয়সূচক পৰিত্রাণেৰে সৈতে,তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্ত জনাৰ মাতত উত্তৰ দিব।

7অনেকে তেওঁলোকৰ ৰথত,অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে;কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।

8তেওঁলোক পৰিব আৰু পতন হ’ব।কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম।

9হে যিহোৱা, ৰজাক উদ্ধাৰ কৰা;আমি প্ৰাৰ্থনা কৰা কালত আমাক উত্তৰ দিয়া।

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]