Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Hosea 14 IRVAsm

Side by side with the Father's Heart Bible™

যিহোৱালৈ মন-পালটন

1হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আহাঁ,তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত থ’লো।

2মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা,“আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক;যাতে আমি আমাৰ ওঁঠেৰে আপোনাৰ প্রশংসা কৰিব পাৰোঁ।

3অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব;ঘোঁৰাৰ ওপৰত ভাৰসা কৰি আমি যুদ্ধ নকৰিম।আমাৰ হাতেৰে নির্মাণ কৰা মূর্তিক আমি পুনৰ ‘তুমি আমাৰ ঈশ্বৰ’ বুলি কেতিয়াও নকম; কিয়নো আপোনাৰ ওচৰতে অনাথজনে দয়া বিচাৰি পায়।”

যিহোৱাই ইস্রয়েলক ক্ষমা কৰিব

4যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম,মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম;কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।

5মই ইস্ৰায়েললৈ নিয়ৰৰ নিচিনা হম;তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব,লিবানোনৰ এৰচ গছৰ নিচিনাকৈ তেওঁৰ শিপা নামি যাব।

6তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব;জিত গছৰ নিচিনা তেওঁৰ সৌন্দর্য হ’ব;তেওঁৰ সুগন্ধ লিবানোনৰ এৰচ গছৰ নিচিনা হ’ব।

7তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব;তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব,আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব;লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব।

8ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’মইয়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম।মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা;তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।”

9জ্ঞানৱানজনে এইবোৰ কথা বুজে;বিবেচকজনে এইবোৰ কথা জানে;কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰুধাৰ্মিকজনে সেই পথত গমন কৰে,কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়।

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]