Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Psalms 16 IRVAsm

Side by side with the Father's Heart Bible™

মিকটাম নামৰ দায়ুদৰ ৰচিত গীত।

1হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা,কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।

2মই যিহোৱাক ক’লোঁ, “তুমিয়েই মোৰ প্ৰভু;তোমাৰ বাহিৰে মোৰ আন কতো মঙ্গল নাই।”

3পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান;তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।

4যিসকলে আন দেৱতাক মনোনীত কৰে,তেওঁলোকৰ অধিক যাতনা হ’ব,তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম;দেৱতাৰ নামো মোৰ ওঁঠত নলম।

5যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র;মোৰ ভৱিষ্যত তোমাৰ হাততে আছে।

6মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই,অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে।

7যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম;ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।

8মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ;তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।

9এই কাৰণে মোৰ মন আনন্দেৰে ভৰা,মোৰ হৃদয়ে উল্লাস কৰে;মোৰ শৰীৰ নিৰাপদে থাকিব।

10কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা,তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা।

11তুমি মোক জীৱনৰ পথ শিকাইছা;তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ;তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ।

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]