Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Psalms 26 IRVAsm

Side by side with the Father's Heart Bible™

দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা, মোৰ বিচাৰ কৰা,কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ,অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ।

2হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা;মোৰ হৃদয় আৰু মনক খপি চোৱা।

3কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে,মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰোঁ।

4প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই।অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।

5মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ;দুষ্ট লোকৰ লগত নবহো।

6হে যিহোৱা, মই মোৰ নিৰ্দোষীতাত হাত ধোওঁ,আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰোঁ,

7যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ;তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ।

8হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা,তোমাৰ গৌৰৱ সেই ঠাইত থাকে,মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।

9পাপীবোৰৰ লগত মোৰ প্ৰাণ লৈ নাযাবা;ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।

10তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে;তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা।

11কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ;মোক মুক্ত কৰা; মোক কৃপা কৰা।

12মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে;মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম।

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]