Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Proverbs 12 IRVAsm

Side by side with the Father's Heart Bible™

1যি জনে অনুশাসন ভাল পায়, তেওঁ জ্ঞানকো ভাল পায়;কিন্তু যি জনে অনুযোগ ঘিণ কৰে, তেওঁ নিৰ্বোধ।

2শুদ্ধ লোকে যিহোৱাৰ পৰা অনুগ্ৰহ পায়;কিন্তু যিজনে দুষ্ট কৰ্মৰ পৰিকল্পনা কৰে, তেওঁক দোষাৰোপ কৰা হয়।

3কোনো লোক দুষ্টতাৰ দ্বাৰাই সংস্থাপিত নহয়;কিন্তু সত্যতাত চলা জনৰ মূল লৰচৰ নহব।

4গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে;কিন্তু লাজ দিওঁতা মহিলাৰ অস্থি ক্ষয়কাৰী ৰোগ যেন হয়।

5সত্যতাত চলা জনৰ পৰিকল্পনা ন্যায় হয়;কিন্তু দুষ্টলোকৰ উপদেশ প্ৰতাৰণাপূৰ্ণ।

6দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়;কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে।

7দুষ্টলোকক বিনষ্ট কৰা হয় আৰু তেওঁলোক নাইকিয়া হয়;কিন্তু যিসকল লোকে সত্যতাত চলে, তেওঁলোকৰ ঘৰ থিৰে থাকে।

8মানুহে নিজৰ প্রজ্ঞা অনুসাৰে প্ৰশংসা পায়;কিন্তু কুটিল কাৰ্য কৰা লোক ঘৃণনীয় হয়।

9গুৰুত্বহীন পদত থকাতকৈ কেৱল দাস হোৱাই ভাল;খাবলৈ নাই কিন্তু নিজৰ গুৰুত্বকলৈ অহংকাৰ কৰে।

10যিজনে সত্যতাত চলে, তেওঁ নিজৰ পশুৰ প্রয়োজনীয়তালৈ যত্ন কৰে;কিন্তু দুষ্টলোকৰ সহানুভুতি নিষ্ঠুৰতাযুক্ত।

11যিজনে নিজৰ মাটিত চহায়, তেওঁ জোৰাওকৈ আহাৰ পায়;কিন্তু যিজনে মূল্যহীন অভিপ্রায়ৰ অনুগামী হয়, তেওঁ জ্ঞানশূন্য।

12দুষ্টলোকে আনৰ পৰা চুৰ কৰা বস্তুৰ প্রতি পাপীলোকে আকাংক্ষা কৰে;কিন্তু সত্যতাত চলা জনৰ ফল নিজৰ পৰাই আহে।

13পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই;কিন্তু সত্যতাত চলাজন সঙ্কটৰ পৰা ৰক্ষা পায়।

14মানুহে নিজৰ কথাৰ ফলৰ দ্বাৰাই ভাল বিষয়ত পৰিপূৰ্ণ হয়;তেওঁ নিজৰ হাতেৰে কৰা কামৰ দ্বাৰাই পুৰস্কাৰ পায়।

15অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ;কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে।

16অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই;কিন্তু যিজনে অপমান অবজ্ঞা কৰে, তেওঁ দূৰদৰ্শী হয়।

17যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়;কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়।

18যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে;কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে।

19সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে;কিন্তু মিছা কোৱা জিভা ক্ষন্তেকীয়া।

20কুকল্পনা কৰা সকলৰ মনত প্ৰতাৰণা থাকে;কিন্তু শান্তিৰ পৰামৰ্শ দিয়া সকলৰ আনন্দ হয়।

21সত্যতাত চলা জনলৈ কোনো ৰোগ নাহে;কিন্তু দুষ্টলোক সমস্যাৰে পৰিপূৰ্ণ হয়।

22মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া;কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক আনন্দিত কৰে।

23দূৰদৰ্শী লোকে জ্ঞান গুপুতে ৰাখে;কিন্তু অজ্ঞানীৰ মনে নিৰ্বুদ্ধিতা প্ৰকাশ কৰে।

24পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব;কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব।

25মানুহৰ মনৰ দুচিন্তাই তেওঁৰ মূল্য কম কৰে;কিন্তু ভাল কথাই তেওঁক আনন্দিত কৰে।

26সত্যতাত চলা জন তেওঁৰ বন্ধুৰ পথ দৰ্শক হয়;কিন্তু দুষ্টলোকৰ পথে তেওঁলোকক বিপথে নিয়ে।

27এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে;কিন্তু পৰিশ্ৰমী লোকে মূল্যবান সম্পত্তি লাভ কৰে।

28যিসকলে সজ পথত চলে, তেওঁলোকে জীৱন পায়;আৰু এই পথত মৃত্যু নাই।

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]