Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Micah 5 IRVAsm

Side by side with the Father's Heart Bible™

1যিৰূচালেমৰ লোকসকল,এতিয়া একলগ হৈ যুদ্ধলৈ শাৰী পাতি আহাঁ,তোমালোকৰ নগৰৰ চাৰিওফালে এখন দেৱাল আছে,কিন্তু তেওঁলোকে ইস্রায়েলৰ মূখ্যলোকসকলকলাঠিৰে গালত প্রহাৰ কৰিব।

2কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা,যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ,তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈতোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব,সেই জনৰ আৰম্ভণি পূৰ্বকালৰ পৰা অনন্তকাললৈকে;

3এই হেতুকেঈশ্বৰে তেওঁলোকক ত্যাগ কৰিব;যেতিয়ালৈকে তেওঁ প্ৰসৱ বেদনাৰে সন্তান জন্ম নিদিব,আৰু তেওঁৰ ভাইৰ অৱশিষ্ট লোকসকল ইস্ৰায়েলৰ লোকসকললৈ উলটি আহিব।

4যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব,আৰু তেওঁৰ পশুৰ জাক চৰাব,তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত,তেওঁলোকে বাস কৰিব;কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব।

5তেঁৱেই আমাৰ শান্তি হ’ব;যেতিয়া অচূৰে আমাৰ দেশলৈ সোমাই আহিব,আৰু আমাৰ দুৰ্গবোৰৰ অহিতে তেওঁলোকে দৃঢ়ভাৱে অগ্রগতি কৰিব,তেতিয়া আমি তেওঁলোকৰ বিৰুদ্ধে সাত জন মেৰ-ছাগ ৰখীয়া,আৰু লোকসকলৰ ওপৰত আঠ জন মূখ্য লোকক তুলি ধৰিম।

6এই লোকসকলে তৰোৱালেৰে অচূৰৰ দেশ,আৰু নিজৰ হাতৰ তৰোৱালেৰে নিম্রোদৰ দেশ শাসন কৰিব।যেতিয়া অচূৰে আমাৰ দেশত সোমাব,আৰু আমাৰ সীমাৰ ভিতৰত খোজ দিব,তেতিয়া তেওঁ আমাক অচূৰৰ পৰা ৰক্ষা কৰিব।

7বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক,যিহোৱাৰ পৰা অহা নিয়ৰ,আৰু ঘাঁহত পৰা বৰষুণৰ দৰে থাকিব।সেইবোৰে মানুহৰ,আৰু মনুষ্য সন্তান সকলৰ বাবে অপেক্ষা নকৰে।

8দেশৰ আৰু বহুতো মানুহৰ মাজতযাকোবৰ অৱশিষ্ট লোক,জংঘলত জন্তুৰ মাজত থকা সিংহ দৰে,আৰু মেৰ-ছাগৰ জাকৰ মাজত থকা যুবা সিংহৰ দৰে থাকিব।যেতিয়া তেওঁ তেওঁলোকৰ মাজেৰে যায়,তেওঁ তেওঁলোকক গচকে আৰু ফালি টুকুৰা টুকুৰ কৰে,আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকে।

9তোমাৰ শত্ৰুবোৰৰ বিৰুদ্ধে তোমাৰ হাত তুলি ধৰা হওক,আৰু সেয়ে তেওঁলোকক ধ্বংস কৰিব।

10“সেই দিনা এইদৰে ঘটিব,” যিহোৱাই কৈছে,“মই তোমালোকৰ মাজৰ পৰা তোমালোকৰ ঘোঁৰাবোৰ ধ্বংস কৰিম,আৰু তোমালোকৰ ৰথবোৰ বিনষ্ট কৰিম।

11মই তোমালোকৰ দেশৰ নগৰবোৰ উচ্ছন্ন কৰিম,আৰু তোমালোকৰ দুৰ্গবোৰ ভাঙি পেলাম।

12মই তোমালোকৰ হাতৰ মায়াকর্ম নষ্ট কৰিম,আৰু তোমালোকৰ কোনো গণক দীৰ্ঘ সময় নাথাকিব।

13মই তোমালোকৰ মাজৰ পৰা কটা-প্ৰতিমাবোৰ,আৰু তোমালোকৰ শিলৰ স্তম্ভবোৰ ধ্বংস কৰিম।তোমালোকৰ নিজৰ হাতৰ কার্যক প্ৰণিপাত কৰি নাথাকিবা;

14মই তোমালোকৰ মাজৰ পৰা আচেৰা খুঁটা বিনাশ কৰিম,আৰু মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম।

15যি দেশে মোৰ কথা নুশুনে, সেই দেশৰ ওপৰতমই খং আৰু ক্ৰোধেৰে প্ৰতিকাৰ সাধিম।

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]