Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Proverbs 15 IRVAsm

Side by side with the Father's Heart Bible™

1মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে;কিন্তু কঠোৰ কথাই খং তোলে।

2জ্ঞানীলোকৰ জিভাই জ্ঞানৰ প্ৰশংসা কৰে;কিন্তু অজ্ঞানীৰ মুখে অজ্ঞানতাৰ কথা কয়।

3যিহোৱাৰ দৃষ্টি সকলো ঠাইতে থাকে,ভাল আৰু বেয়াৰ ওপৰত তেওঁৰ দৃষ্টি থাকে।

4সুস্থ জিভা জীৱন বৃক্ষস্বৰূপ;কিন্তু প্রতাৰণাপূৰ্ণ জিভাই আত্মাক গুৰি কৰে।

5অজ্ঞানী লোকে নিজৰ পিতৃৰ নিয়মানুৱৰ্তিতা অৱজ্ঞা কৰে;কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা লয়, তেওঁ দূৰদৰ্শী।

6যি সকলে সত্যতাত চলে, তেওঁলোকৰ ভঁৰাল বৃহৎ হয়;কিন্তু দুষ্ট সকলৰ উপাৰ্জনে তেওঁলোকক সমস্যাত পেলায়।

7জ্ঞানী লোকৰ ওঁঠে জ্ঞানৰ বিষয়ে কয়,কিন্তু অজ্ঞানী লোকৰ হৃদয়ে সেইদৰে নকৰে।

8দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে;কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়।

9দুষ্ট লোকৰ পথ যিহোৱাই ঘিণ কৰে;কিন্তু সত্যতাক অনুসৰণ কৰা জনক তেওঁ প্ৰেম কৰে।

10যিজনে সৎ পথ ত্যাগ কৰে, তেওঁলৈ কঠিন শাস্তি থাকে;আৰু যিজনে অনুযোগ ঘিণ কৰে তেওঁৰ মৃত্যু হ’ব।

11চিয়োল আৰু বিনাশ যিহোৱাৰ দৃষ্টিত লুকাই থকা নাই;তেনেহ’লে কিমান অধিক পৰিমাণে মনুষ্য সন্তান সকলৰ হৃদয় তেওঁৰ দৃষ্টিত থাকে।

12নিন্দক লোকে অনুযোগত বিৰক্তি পায়;তেওঁ জ্ঞানী লোকৰ ওচৰলৈ নাযায়।

13আনন্দিত হৃদয়ে মুখমণ্ডলক প্ৰফুল্লিত কৰে;কিন্তু মানসিক যন্ত্রণাই আত্মা ভাঙি দিয়ে।

14সুবিবেচকৰ হৃদয়ে জ্ঞান বিচাৰ কৰে;কিন্তু অজ্ঞানী লোকৰ মুখে অজ্ঞানতা গ্রহণ কৰে।

15নিৰ্যাতিত লোকৰ সকলো দিন কষ্টদায়ক;কিন্তু প্ৰফুল্লিত হৃদয়ৰ ভোজ চিৰস্থায়ী।

16বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈযিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল।

17হিংসাৰ সৈতে স্বাস্থ্যৱান গৰুতকৈপ্রেমেৰে সৈতে শাক-পাচলি ভোজন কৰাই ভাল।

18ক্রোধি লোকে বিতৰ্কৰ সৃষ্টি কৰে;কিন্তু ক্ৰোধত ধীৰ লোকে বিবাদ ক্ষান্ত কৰে।

19এলেহুৱাৰ পথ কাঁইটৰ বেৰা স্বৰূপ;কিন্তু ন্যায়পৰায়ণৰ পথ ৰাজপথ স্বৰূপ।

20জ্ঞানৱান পুত্ৰই পিতৃক আনন্দিত কৰে;কিন্তু অজ্ঞানলোকে নিজ মাতৃক অবজ্ঞা কৰে।

21জ্ঞানশূন্যজনক অজ্ঞান জনে আনন্দ দিয়ে;কিন্তু যি জন বিবেচক, তেওঁ সৰল পথত চলে।

22পৰামৰ্শৰ অবিহনে কৰা পৰিকল্পনা ব্যৰ্থ হয়;কিন্তু বহু লোকৰ পৰামৰ্শত সেয়ে সিদ্ধ হয়।

23মানুহে নিজৰ উপযুক্ত উত্তৰত আনন্দ পায়,আৰু উচিত সময়ত কোৱা বাক্য কেনে ভাল।

24দূৰদৰ্শী লোকৰ বাবে জীৱনৰ পথ উৰ্দ্ধগামী হয়;যাতে তলত থকা চিয়োলৰ পৰা তেওঁ আতৰিব পাৰে।

25যিহোৱাই অহঙ্কাৰীলোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে,কিন্তু তেওঁ বিধৱা লোকৰ সম্পত্তি সুৰক্ষিত কৰে।

26যিহোৱাই দুষ্ট লোকৰ কল্পনা ঘিণ কৰে;কিন্তু দয়াশীলৰ বাক্যবোৰ নিৰ্মল।

27ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে;কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে।

28সত্যতাত চলা জনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে;কিন্তু দুষ্টলোকৰ মুখেৰে সকলো বেয়া কথা বাহিৰ হয়।

29যিহোৱা দুষ্টলোকৰ পৰা দূৰত থাকে;কিন্তু সত্যতাত চলাজনৰ প্ৰাৰ্থনা শুনে।

30চকুৰ প্ৰসন্নতাই হৃদয়ক আনন্দিত কৰে;আৰু শুভবাৰ্ত্তাই শৰীৰক স্বাস্থ্যৱান কৰে।

31যেতিয়া কোনো এজনে তোমাৰ আচৰণ শুধৰাই দিয়ে আৰু যদি তুমি মনোযোগ দিয়া,তেতিয়া তুমি জ্ঞানীসকলৰ মাজত গণ্য হবা।

32যিজনে নিয়মানুবৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ নিজকে হেয়জ্ঞান কৰে;কিন্তু যি জনে অনুযোগ শুনে, তেওঁ সুবিবেচনা লাভ কৰে।

33যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে,আৰু নম্ৰতা সন্মানৰ আগত আহে।

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]