Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Job 13 IRVAsm

Side by side with the Father's Heart Bible™

1চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে,আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ।

2তোমালোকে যি জানা, ময়ো তাক জানো;মই তোমালোকতকৈ নিকৃষ্ট নহওঁ।

3কিয়নো মই সৰ্ব্বশক্তিমান জনাকহে কথা কম,আৰু মই ঈশ্বৰৰ লগতহে বাদ-বিচাৰ কৰিব খুজিছোঁ।

4কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা,আৰু তোমালোক সকলোৱেই অকামিলা বেজ।

5অস, তোমালোক একেবাৰে নিমাত হৈ থকা হ’লে, কেনে ভাল আছিল!সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য বুলি গণিত হলহেঁতেন।

6এতিয়া মোৰ তিৰস্কাৰ শুনা,আৰু মোৰ মুখৰ অনুযোগ-বাক্যলৈ কাণ পাতা।

7তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা ক’বা নে?আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা-বাক্য বুলিবা নে?

8তোমালোকে তেওঁৰেই পক্ষপাত কৰিবা নে?তোমালোকে ঈশ্বৰৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবা নে?

9তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হ’ব নে?বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰিবা?

10তোমালোকে যদি গুপুতে পক্ষপাতিত্ব কৰা,তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব।

11তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে?তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা?

12তোমালোকৰ সোঁৱৰণীয় বাক্য ভস্মস্বৰূপ দৃষ্টান্ত মাথোন,তোমালোকৰ প্রতিৰোধ ধুলিৰ গড়স্বৰূপ।

13তোমালোকে মনে মনে থাকা, মোকেই কথা ক’বলৈ এৰি দিয়া;মোলৈ যি ঘটে, ঘটক।

14মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম?মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম।

15চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম;তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।

16এয়ে মোৰ মুক্তিৰ কাৰণ হ’ব,মই এজন অধাৰ্মিক লোকৰ দৰে তেওঁৰ আগত থিয় হ’ব নোৱাৰিম।

17মনোযোগ কৰি মোৰ কথা শুনা;মোৰ বাক্য তোমালোকৰ কাণত সোমাওক।

18চোৱা, মোৰ গোচৰ মই ঠিকঠাক কৰি থৈছোঁ;মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো।

19মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে?যদি আছে, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম।

20হে ঈশ্বৰ, তুমি কেৱল দুটা কাৰ্য মোলৈ কৰিবা;তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম।

21মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰী হাত আঁতৰাই নিবা,আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা।

22তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম,বা মই কম, তুমি উত্তৰ দিবা।

23মোৰ অপৰাধ আৰু পাপ কিমান?মোৰ অধৰ্ম আৰু পাপ মোক জনোৱা।

24কিয় তোমাৰ মুখ মোৰ পৰা লুকুৱাইছা,আৰু মোক তোমাৰ শত্ৰু যেন জ্ঞান কৰিছা?

25উৰুৱাই নিয়া পাতক তুমি জানো তাড়ণা কৰিবা?আৰু শুকান ঘুলাক জানো খেদি যাবা?

26কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা,আৰু মোক যৌবন-কালৰ অপৰাধৰ উত্তৰাধিকৰী কৰিছা।

27তুমি মোৰ ভৰি কুন্দত বান্ধি ৰাখিছা,মোৰ সকলো পথৰ চিন ৰাখিছা,আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা,

28সেয়ে মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা,আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ হলোঁ।

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]