Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Genesis 49 IRVAsm

Side by side with the Father's Heart Bible™

যাকোবৰ পুত্ৰসকলৰ বিষয়ে তেওঁৰ ভাববাণী; আৰু তেওঁৰ মৃত্যু।

1পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ।

2হে যাকোবৰ পুত্ৰসকল,গোট খোৱা আৰু শুনা;তোমালোকৰ পিতৃইস্ৰায়েলৰ বাক্য শ্ৰৱণ কৰা।

3হে ৰূবেণ,তুমি মোৰ জ্যেষ্ঠ পুত্ৰ,মোৰ বল, আৰু মোৰ শক্তিৰ প্ৰথম ফল;তুমি মৰ্যদাত লক্ষণীয় আৰু পৰাক্ৰমত লক্ষণীয়।

4তুমি উতলা পানীৰ নিচিনাহোৱা বাবে তোমাৰ প্ৰাধান্যতানাথাকিব; কিয়নো তুমি নিজপিতৃৰ শোৱা বিচনালৈ উঠিগৈছিলা। তেতিয়া তুমিঅপবিত্ৰ কৰ্ম কৰিছিলা। সিমোৰ শয্যালৈ উঠি গৈছিল।

5চিমিয়োন আৰু লেবী দুয়ো ভাই, সিহঁতৰতৰোৱাল হিংস্ৰতাৰ অস্ত্ৰ।

6মই নিজে সিহঁতৰ সভালৈ নাহিম;মোৰ হৃদয়ৰ বহু সন্মানৰ বাবে, মই সিহঁতৰ সমাজত যোগ নহম।কিয়নো সিহঁতেক্ৰোধত নৰ-হত্যা কৰে,আৰু আনন্দ কৰি ষাঁড় গৰুবোৰ বধ কৰে।

7সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড, প্ৰকোপ আৰু নিষ্ঠুৰমই যাকোবৰ মাজতসিহঁতক ভাগ কৰিম; আৰুইস্ৰায়েলৰ মাজত সিহঁতক ছিন্ন-ভিন্ন কৰিম।

8হে যিহূদা, তোমাক হ’লে,নিজৰ ভাইসকলে প্ৰশংসাকৰিব; তোমাৰ হাতেশত্ৰুবোৰৰ ডিঙিত ধৰিব;তোমাৰ পিতৃৰ সন্তান সকলেতোমাৰ আগত প্ৰণিপাত কৰিব।

9যিহূদা যুবা সিংহ; হে মোৰবোপা, তুমি পশু ছিৰিপেলোৱাৰ পৰা উঠি আহিলা।সি সিংহৰ দৰে পৰি শুইছে,এনে কি, শক্তিশালী সিংহৰ দৰেশুইছে; কোনে তাক জগাব?

10চীলো নহালৈকে যিহূদাৰপৰা ৰাজদণ্ড নাযাব, আৰুতাৰ ভৰি দুখনৰ মাজৰপৰা বিচাৰদণ্ড নুগুচিব;লোক সমূহ সেই জনাৰআজ্ঞাধীন হ’ব।

11সি দ্ৰাক্ষালতাত নিজৰডেকা গাধ, আৰু উত্তমদ্ৰাক্ষালতাত নিজৰ গাধপোৱালি বান্ধি, নিজ বস্ত্ৰদ্ৰাক্ষাৰসত, নিজ কাপোৰদ্ৰাক্ষাদুটিৰ তেজৰূপ ৰসত ধুইছে।

12তাৰ চকু দ্ৰাক্ষাৰসেৰেৰঙা, তাৰ দাঁত গাখীৰেৰে বগা।

13জবূলূনে সমুদ্ৰৰ তীৰতবসতি কৰিব; সিজাহাজবোৰৰ আশ্ৰয়ৰ তীৰহ’ব; আৰু চীদোনলৈকে তাৰ সীমা হ’ব।

14ইচাখৰ বলৱান গাধ; সিদুটা গঁৰালৰ মাজত শোৱে।

15সি জিৰণিক ভাল দেখি,আৰু দেশক সুন্দৰ দেখি,ভাৰ ব’বলৈ নিজৰ কান্ধপাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল।

16দান ইস্ৰায়েলৰ এক ফৈদহ’ল; তেওঁ নিজ লোকসকলৰ সোধ-বিচাৰ কৰিব।

17দান পথৰ দাঁতিত থকা সাপ,সি পথৰ দাঁতিত থকা বিষাক্ত সাপ,যিয়ে ঘোঁৰাৰ ঠেঙত দংশিব পাৰে, য’ত অশ্বাৰোহী জন পাছফালে পৰিব।

18হে যিহোৱা, মই তোমাৰপৰিত্ৰাণলৈ অপেক্ষা কৰি আছোঁ।

19গাদ - অশ্বাৰোহীয়ে তেওঁক হ’লে আক্ৰমণ কৰিব;কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব।

20আচেৰৰ মাজৰ পৰানিজৰ উত্তম আহাৰ জন্মিব;সি ৰজাই খাব পৰা সুখাদ্য আহাৰ যোগাব।

21নপ্তালী মুকলি হোৱাহৰিণ; সি মনোহৰ কথা কয়।

22যোচেফ ফলৱান গছৰডাল; ভুমুকৰ ওচৰত থকালাগনী গছৰ ডাল; তাৰডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়।

23ধনুৰ্দ্ধৰসকলে তাকবৰকৈ ক্লেশ দিলে, আৰুতালৈ কঢ়িয়াই আনি তাক তাড়না কৰিলে;

24কিন্তু তেওঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল,আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণকিয়নো যাকোবৰ একমাত্রপৰাক্ৰমী জনাৰ হাতৰ দ্বাৰাই,কিয়নো তেওঁৰ নাম মেৰ-ছাগৰ ৰখীয়া,ইস্ৰায়েলৰ শিলা।

25কিয়নো তোমাৰ পিতৃ ঈশ্বৰ, তেৱেঁ তোমাক সহায় কৰিব,কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰ জনাই আশীৰ্ব্বাদ কৰিব,তেওঁ ওপৰত থকাআকাশৰ আশীৰ্ব্বাদৰ সৈতেতলত থকা অগাধ জল,স্তন আৰু গৰ্ভৰ আশীৰ্ব্বাদেৰে,তোমাক আশীৰ্ব্বাদ কৰিব।

26মোৰ পূর্বপুৰুষসকলৰআশীৰ্ব্বাদতকৈ তোমাৰ নিজ পিতৃৰআশীৰ্ব্বাদ ফলদায়ক হ’ল, আৰুচিৰকালীয়া পৰ্ব্বতৰসীমালৈকে বিয়পি গ’ল।সেয়ে যোচেফৰ মূৰতথকিব; ভায়েক-ককায়েকসকলৰ পৰাপৃথকে থকা জনৰ মূৰৰ তালুত থাকিব।

27বিন্যামীন পশু ছিৰিপেলাব পৰা ৰাংকুকুৰ।ৰাতিপুৱা সি মৃগ ভক্ষণকৰিব; সন্ধিয়া পৰত লুটদ্ৰব্য ভগাই দিব।”

28এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে। 29পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা। 30সেই গুহা কনান দেশত মম্ৰিৰ ওচৰৰ মকপেলাৰ পথাৰত আছে, অব্ৰাহামে মৈদাম দিবৰ বাবে সেই গুহা হিত্তীয়া ইফ্রোণৰ পৰা পথাৰে সৈতে কিনি লৈছিল।

31সেই ঠাইতে অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিয়া হ’ল; সেই ঠাইতে ইচহাক আৰু তেওঁৰ ভাৰ্যা ৰিবেকাকো মৈদাম দিয়া হ’ল, আৰু সেই ঠাইতে মইও লেয়াক মৈদাম দিলোঁ। 32সেই পথাৰ আৰু গুহা হেতৰ সন্তান সকলৰ পৰা কিনা হৈছিল।” 33এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]