Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Genesis 36 IRVAsm

Show IRVAsm only
Verse × ×
1 This is the family record of Esau (that is, Edom). এচৌ অর্থাৎ যিজনক ইদোম বোলা হয়, তেওঁৰ বংশৰ তালিকা হৈছে এনেদৰে।
2 Esau took his wives from the daughters of Canaan: Adah daughter of Elon the Hittite, and Oholibamah daughter of Anah, daughter of Zibeon the Hivite, এচৌৱে কনানীয়া ছোৱালীবোৰক বিয়া কৰিছিল। সেই ছোৱালীবোৰ হৈছে হিত্তীয়া এলোনৰ জীয়েক আদা; হিব্বীয়া চিবিয়োনৰ নাতিনীয়েক অর্থাৎ অনাৰ জীয়েক অহলীবামা।
3 and Basemath the daughter of Ishmael, the sister of Nebaioth. আৰু ইশ্মায়েলৰ জীয়েক নবায়োতৰ ভনীয়েক বাচমতকো বিয়া কৰিছিল।
4 Adah gave birth to Eliphaz for Esau, and Basemath gave birth to Reuel, এইসকলৰ মাজত আদাই এচৌলৈ ইলীফজ আৰু বাচমতে ৰূৱেলক প্রসৱ কৰিলে;
5 Oholibamah bore Jeush, Jalam, and Korah—Esau's sons, born to him in the land of Canaan. অহলীবামাৰ ঔৰসত যিয়ূচ, যালম, আৰু কোৰহৰ জন্ম হ’ল; কনান দেশত এচৌৰ এই সকলো পুত্রৰে জন্ম হ’ল।
6 Esau took his wives, sons, daughters, all his household, his livestock, all his animals, and all the property he had gained in Canaan, and moved to a land away from his brother Jacob. পাছত এচৌৱে তেওঁৰ ভার্য্যাসকলক, ল’ৰা-ছোৱালীক আৰু তেওঁৰ ঘৰৰ আন সকলোৰে লগত তেওঁৰ পশুধন অর্থাৎ মেৰ-ছাগ, ছাগলী, গৰু আদি অন্যান্য পশু আৰু কনান দেশত উপাৰ্জন কৰা সকলো সম্পত্তিকে লৈ তেওঁ ভায়েক যাকোবৰ ওচৰৰ পৰা আন এক দেশলৈ গুছি গ’ল।
7 Their possessions were too great to live together; the land where they stayed couldn't support them both because of their livestock. এচৌ আৰু যাকোবৰ ধন-সম্পদ ইমান বেছি হ’ল যে তেওঁলোকৰ পক্ষে একেলগে বাস কৰাটো সম্ভৱ নহ’ল; কিয়নো তেওঁলোক যি ঠাইত আছিল সেই ঠাইত তেওঁলোকৰ পশুৰ জাকবোৰ চৰাবলৈ যথেষ্ট ঠাইৰ অভাৱ আছিল।
8 So Esau settled in the hill country of Seir. (Esau is Edom.). সেয়ে এচৌৱে চেয়ীৰৰ পাহাৰীয়া এলেকাত গৈ স্থায়ীভাৱে বাস কৰিবলৈ ধৰিলে; সেই এচৌৰ আন এটা নাম আছিল ইদোম।
9 These are the records of Esau, father of the Edomites, in the hill country of Seir. চেয়ীৰৰ পাহাৰীয়া এলেকাত ইদোমীয়াসকলৰ ওপৰপিতৃ এচৌৰ বংশৰ তালিকা হৈছে এনেধৰণৰ।
10 These are the names of Esau's sons: Eliphaz son of Adah, Esau's wife; Reuel son of Basemath, Esau's wife. এচৌৰ পুত্রসকলৰ নাম ইলীফজ আৰু ৰূৱেল। ইলীফজ আদাৰ পুত্ৰ আৰু ৰূৱেল এচৌৰ বাচমতৰ পুত্ৰ।
11 The sons of Eliphaz were Teman, Omar, Zepho, Gatam, and Kenaz. ইলীফজৰ পুত্ৰসকল হ’ল তৈমন, ওমাৰ, চফো, গয়িতম আৰু কনজ।
12 Timna, concubine of Esau's son Eliphaz, bore him Amalek. These were sons of Esau's wife Adah. এচৌৰ পুত্ৰ ইলীফজৰ তিম্না নামেৰে এজনী উপপত্নী আছিল। তেওঁৰ গর্ভত অমালেকৰ জন্ম হ’ল; এই সকলোৱেই এচৌৰ ভার্য্যা আদাৰ পো-নাতি।
13 These are Reuel's sons: Nahath, Zerah, Shammah, Mizzah. These are the sons of Esau's wife Basemath. ৰূৱেলৰ পুত্ৰসকল হ’ল নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; এই সকলোৱেই এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি।
14 These are the sons of Esau's wife Oholibamah, daughter of Anah, daughter of Zibeon: she bore Jeush, Jalam, and Korah to Esau. চিবিয়োনৰ নাতিনী অর্থাৎ অনাৰ জীয়েক আৰু এচৌৰ ভার্য্যা অহলীবামাই এচৌলৈ প্রসৱ কৰা পুত্ৰসকল হ’ল যিয়ূচ, যালম আৰু কোৰহ।
15 These are the chiefs of Esau's sons. The sons of Eliphaz, Esau's firstborn: chief Teman, chief Omar, chief Zepho, chief Kenaz. এচৌৰ বংশৰ সন্তান সকলৰ মাজত এইসকলেই অধিপতি হৈছিল - এচৌৰ জ্যেষ্ঠ পুত্ৰ ইলীফজৰ বংশৰ পৰা হোৱা অধিপতিসকল হ’ল- তৈমন, ওমাৰ, চফো, কনজ অধিপতি।
16 Chief Korah, chief Gatam, chief Amalek—these are Eliphaz's chiefs in the land of Edom; these were Adah's sons. কোৰহ, গয়িতম, অমালেক অধিপতি; ইলীফজৰ বংশৰ পৰা, ইদোম দেশত এওঁলোকেই অধিপতি হ’ল। এইসকল আদাৰ পো-নাতি আছিল।
17 These are the sons of Reuel, Esau's son: chief Nahath, chief Zerah, chief Shammah, chief Mizzah. These are Reuel's chiefs in the land of Edom. These are the sons of Basemath, Esau's wife. এচৌৰ পুত্ৰ ৰূৱেলৰ বংশৰ পৰা হোৱা অধিপতিসকল হ’ল: নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; ৰূৱেলৰ বংশৰ পৰা ইদোম দেশত এওঁলোক অধিপতি হ’ল। এইসকল এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি আছিল।
18 Sons of Esau's wife Oholibamah: chief Jeush, chief Jalam, chief Korah. These are the chiefs of Esau's wife Oholibamah, daughter of Anah. এচৌৰ ভার্য্যা অহলীবামাৰ বংশত এইসকল অধিপতি হ’ল: যিয়ূচ, যালম আৰু কোৰহ; অনাৰ জীয়েক এচৌৰ ভার্য্যা অহলীবামাৰ বংশৰ পৰা এইসকলেই অধিপতি হৈছিল।
19 These are the sons of Esau (that is, Edom), and these are their chiefs. এওঁলোকেই এচৌ অর্থাৎ ইদোমৰ সন্তান আৰু তেওঁলোকই নিজৰ বংশৰ অধিপতি আছিল।
20 These are the sons of Seir the Horite, who lived in the land: Lotan, Shobal, Zibeon, Anah, সেই ঠাইৰ বাসিন্দা হোৰীয়া চেয়ীৰৰ সন্তান সকলৰ নাম লোটন, চোবল, চিবিয়োন, অনা,
21 Dishon, Ezer, and Dishan—chiefs of the Horites, sons of Seir, in Edom's land. দিচোন, এচৰ আৰু দীচন। ইদোমত চেয়ীৰৰ এইসকল সন্তানেই হোৰীয়া বংশৰ অধিপতি হ’ল।
22 The sons of Lotan were Hori and Hemam, and Lotan's sister was Timna. লোটনৰ পুত্রসকলৰ নাম হোৰী আৰু হেমম; লোটনৰ ভনীয়েকৰ নাম তিম্না।
23 These are the sons of Shobal: Alvan, Manahath, Ebal, Shepho, and Onam. চোবলৰ পুত্রসকলৰ নাম: অলবন, মানহৎ, এবল, চফো, আৰু ওনম।
24 These are Zibeon's sons: Aiah and Anah. This is the Anah who found hot springs in the wilderness while tending his father Zibeon's donkeys. চিবিয়োনৰ পুত্রসকলৰ নাম: অয়া আৰু অনা; এই অনাই পিতৃ চিবিয়োনৰ গাধ চৰাওঁতে মৰুপ্রান্তৰৰ মাজত গৰম পানীৰ জুৰি পালে।
25 These are the children of Anah: Dishon, and Oholibamah the daughter of Anah. এই অনাৰ পুত্ৰৰ নাম দীচন আৰু জীয়েকৰ নাম অহলীবামা।
26 These are the sons of Dishon: Hemdan, Eshban, Ithran, and Cheran. দীচনৰ পুত্ৰসকলৰ নাম হিমদন, ইচবন, যিত্ৰন আৰু কৰান।
27 These are the sons of Ezer: Bilhan, Zaavan, and Akan. এচৰৰ পুত্ৰ বিলহন, জাবন, আৰু অকন।
28 These are the sons of Dishan: Uz and Aran. দীচনৰ পুত্ৰ উচ আৰু অৰান।
29 These are the chiefs of the Horites: chief Lotan, chief Shobal, chief Zibeon, chief Anah, হোৰীয়াৰ অধিপতিসকলৰ নাম আছিল: লোটন, চোবল, চিবিয়োন, অনা,
30 chief Dishon, chief Ezer, chief Dishan—chiefs of the Horites, clan by clan, in the land of Seir. দিচোন, এচৰ আৰু দীচন; এইসকলেই চেয়ীৰ দেশত বংশৰ তালিকা অনুসাৰে হোৰীয়া জাতিৰ অধিপতি আছিল।
31 These are the kings who ruled in the land of Edom before any king ruled over the Israelites: ইস্ৰায়েলীসকলৰ মাজত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত যি সকল ৰজাই ৰাজত্ব কৰিছিল, তেওঁলোক হ’ল:
32 Bela the son of Beor reigned in Edom, and the name of his city was Dinhabah. বিয়োৰৰ পুত্ৰ বিলাই ইদোমত ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল দিনহাবা।
33 When Bela died, Jobab the son of Zerah from Bozrah reigned in his place. বিলাৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বস্ৰা নগৰৰ জেৰহৰ পুত্ৰ যোববে ৰাজত্ব কৰিছিল।
34 When Jobab died, Husham from the land of the Temanites reigned in his place. যোববৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত তৈমনীয়াসকলৰ দেশৰ হূচমে ৰাজত্ব কৰিছিল।
35 Husham died; Hadad son of Bedad, who defeated Midian in the territory of Moab, reigned in his place. His city was named Avith. হূচমৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বদদৰ পুত্র হদদে ৰাজত্ব কৰিছিল। তেওঁ মোৱাব দেশত মিদিয়নীয়সকলক পৰাজয় কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল অবীৎ।
36 When Hadad died, Samlah from Masrekah reigned in his place. যেতিয়া হদদৰ মৃত্যু হ’ল, তেতিয়া তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল।
37 When Samlah died, Shaul from Rehoboth on the Euphrates reigned in his place. চম্নাৰ মৃত্যু হ’লত, তেওঁৰ ঠাইত ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল।
38 When Shaul died, Baal-hanan the son of Achbor reigned in his place. চৌলৰ মৃত্যু পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল।
39 When Baal-hanan son of Achbor died, Hadar reigned in his place; his city's name was Pau, and his wife's name was Mehetabel, daughter of Matred, daughter of Mezahab. অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু পাছত তেওঁৰ ঠাইত হদৰে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম পাউ আছিল; তেওঁৰ ভাৰ্যাৰ নাম আছিল মহেটবেল। তেওঁ মট্ৰেদৰ জীয়েক আৰু মে-জাহবৰ নাতিনীয়েক।
40 These are Esau's chiefs, by clan, by place, by name: chief Timna, chief Alvah, chief Jetheth. এচৌৰ বংশৰ যি সকল লোক অধিপতি আছিল, সেইসকলৰ নাম: তিম্না, অলবা, যিথেৎ,
41 Chief Oholibamah, chief Elah, chief Pinon, অহলীবামা, এলা, পীনোন,
42 chief Kenaz, chief Teman, chief Mibzar, কনজ, তৈমন, মিবচৰ,
43 chief Magdiel, and chief Iram. These are Edom's chiefs, by their settlements in the land they held. Esau was father of the Edomites. মগ্দীয়েল আৰু ঈৰম; এওঁলোক আছিল ইদোমীয়সকলৰ পূর্বপুৰুষ এচৌৰ বংশৰ লোক ইদোমৰ অধিপতি। দেশৰ যিবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল, তেওঁলোকৰ নাম অনুসাৰে সেই সকলো ঠাইৰ নাম দিয়া হৈছিল।
FHB

Scripture from Father’s Heart Bible™. © 2026 Spirit Media Publishing, the imprint of Spirit Media Inc. All rights reserved. In Divine Voice™ Color, the words spoken by our Father show in blue, the words of the Son in red, and the words of the Spirit in purple.

IRVAsm

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]