Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Genesis 10 IRVAsm

Show IRVAsm only
Verse × ×
1 This is the account of Noah's sons—Shem, Ham, and Japheth. Sons were born to them after the flood. নোহৰ পুত্ৰ চেম, হাম আৰু যেফতৰ বংশৰ বিৱৰণ এই: জলপ্লাৱনৰ পাছত তেওঁলোকৰ বহুতো সন্তান জন্ম হ’ল।
2 The sons of Japheth: Gomer, Magog, Madai, Javan, Tubal, Meshech, and Tiras. যেফতৰ সন্তানসকলৰ নাম গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক আৰু তীৰচ।
3 The sons of Gomer: Ashkenaz, Riphath, and Togarmah. গোমৰৰ সন্তান সকল হ’ল অস্কিনজ, ৰীফৎ, আৰু তোগৰ্মা।
4 The sons of Javan: Elishah, Tarshish, Kittim, and Rodanim. যাবনৰ সন্তান সকল হ’ল ইলীচা, তৰ্চীচ, কিত্তীম আৰু দোদানীম।
5 From these the coastland peoples divided into their lands, each by language, clan, and nation. যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ’ল আৰু প্রত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ’ল।
6 The sons of Ham: Cush, Mizraim, Put, and Canaan. হামৰ সন্তান সকলৰ নাম কুচ, মিচৰ, পূট, আৰু কনান।
7 The sons of Cush: Seba, Havilah, Sabtah, Raamah, and Sabteca. The sons of Raamah: Sheba and Dedan. কুচৰ সন্তান সকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তান সকল হ’ল চিবা আৰু দদান।
8 Cush fathered Nimrod, who was the first mighty man on the earth. কুচৰ পুত্ৰৰ নাম নিম্ৰোদ; এই নিম্রোদ পৃথিবীত এজন মহা-পৰাক্ৰমী পুৰুষ হৈ উঠিছিল।
9 He was a mighty hunter before God, so they say, "Like Nimrod, a mighty hunter before God." যিহোৱাৰ সন্মুখত তেওঁ আছিল এজন পৰাক্ৰমী চিকাৰী। সেইবাবে তেওঁৰ তুলনা দি এই লোক-প্রবাদ আছে, “নিম্রোদৰ নিচিনা, যিহোৱাৰ সন্মুখতো এজন পৰাক্রমী চিকাৰী।”
10 The beginning of his kingdom was Babel, Erech, Accad, and Calneh, in the land of Shinar. নিম্রোদৰ ৰাজত্বৰ প্রথম ঠাইবোৰ আছিল চিনাৰ দেশৰ বাবিল, এৰক, অক্কদ, আৰু কলনি।
11 From that land he went out to Assyria and built Nineveh, Rehoboth-Ir, Calah, তেওঁ সেই ঠাইৰ পৰা অচুৰ দেশলৈকে গ’ল; তেওঁ নীনবি, ৰহোবোৎ-ঈৰ, কেলহ,
12 and Resen, between Nineveh and Calah; this is the great city. আৰু ৰেচন, এইবোৰ নগৰ নির্ম্মাণ কৰিলে। নীনবি আৰু কেলহৰ মাজত অৱস্থিত ৰেচন এখন মহানগৰ আছিল।
13 Mizraim fathered the Ludim, the Anamim, the Lehabim, the Naphtuhim, লুদীয়া, অনামীয়া, লহাবীয়া, নপ্তুহীয়া,
14 the Pathrusim, the Casluhim (from whom the Philistines came), and the Caphtorim. পথ্ৰোচীয়া, কচলুহীয়া আৰু কপ্তোৰীয়াসকল মিচৰৰ বংশৰ লোক আছিল। পলেষ্টীয়াসকল এই কচলুহীয়াসকলৰ পৰা আহিছিল।
15 Canaan fathered Sidon his firstborn, and Heth, কনান, চীদোন আৰু হেতৰ পিতৃ আছিল। চীদোন আছিল কনানৰ প্রথম সন্তান।
16 and the Jebusites, the Amorites, the Girgashites, যিবুচীয়া ইমোৰীয়া, গিৰ্গাচীয়া,
17 the Hivites, the Arkites, the Sinites, হিব্বীয়া, অৰ্কীয়া, চীনীয়া,
18 the Arvadites, the Zemarites, and the Hamathites. Afterward the clans of the Canaanites spread out. অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলো কনানৰ বংশৰ লোক আছিল। পাছত কনানীয়া গোষ্ঠীবোৰ বিস্তাৰিত হৈ পৰিল।
19 Canaan's border ran from Sidon toward Gerar to Gaza, and toward Sodom, Gomorrah, Admah, and Zeboiim, to Lasha. কনানীয়াসকলৰ সীমা চীদোনপৰা গৰাৰৰ ফালে গাজা পর্যন্ত আৰু চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীমলৈ যোৱাৰ ফালে লেচা পর্যন্ত আছিল।
20 These are Ham's sons, by their clans, languages, lands, and nations. নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল হামৰ বংশৰ লোক।
21 Children were also born to Shem, older brother of Japheth, father of all Eber's descendants. যেফতৰ ডাঙৰ ককায়েক চেমৰো সন্তান-সন্ততি হ’ল। চেম এবৰৰ বংশধৰসকলৰ আদি পুৰুষ আছিল।
22 The sons of Shem: Elam, Asshur, Arphaxad, Lud, and Aram. চেমৰ পুত্রসকল থ’ল এলম, অচুৰ, অৰ্ফকচদৰ, লুদ আৰু অৰাম।
23 The sons of Aram: Uz, Hul, Gether, and Mash. অৰামৰ পুত্রসকল উচ, হুল, গেথৰ, আৰু মচ।
24 Arphaxad fathered Shelah, and Shelah fathered Eber. অৰ্ফকচদৰ সন্তানৰ নাম চেলহ আৰু চেলহৰ সন্তানৰ নাম এবৰ।
25 Eber had two sons: one named Peleg, for the earth was divided in his days, and his brother named Joktan. এবৰৰ দুজন পুত্ৰ আছিল। তেওঁলোকৰ এজনৰ নাম পেলগ, কিয়নো তেওঁৰ দিনতে পৃথিৱী বিভক্ত হৈছিল। পেলগৰ ভায়েকৰ নাম আছিল যক্তন।
26 Joktan fathered Almodad, Sheleph, Hazarmaveth, Jerah, যক্তনৰ পুত্ৰসকলৰ নাম অলমোদদ, চেলফ, হচমাবৎ, যেৰহ,
27 Hadoram, Uzal, Diklah, হদোৰাম, উজল, দিক্লা,
28 Obal, Abimael, Sheba, ওবল, অবীমায়েল, চিবা,
29 Ophir, Havilah, and Jobab; all these were the sons of Joktan. ওফীৰ, হবীলা আৰু যোবব; এইলোক সকলোৱেই যক্তনৰ সন্তান।
30 Their territory extended from Mesha toward Sephar, to the hill country of the east. মেচাৰ পৰা পূব দিশৰ ছফাৰ পৰ্ব্বতলৈকে যোৱা অঞ্চলত তেওঁলোকে বসবাস কৰিছিল।
31 These are Shem's sons, by their clans, languages, lands, and nations. নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল চেমৰ বংশৰ লোক।
32 These are the clans of Noah's sons, by their lines of descent, in their nations; from these the nations spread across the earth after the flood. এয়াই হ’ল বংশানুক্রমে আৰু জাতি অনুসাৰে নোহৰ পুত্রসকলৰ গোষ্ঠী। জলপ্লাৱনৰ পাছত এওঁলোকৰ বংশৰ লোকসকলেই পৃথক পৃথক জাতি হ’ল আৰু গোটেই পৃথিৱীতে সিচঁৰিত হ’ল।
FHB

Scripture from Father’s Heart Bible™. © 2026 Spirit Media Publishing, the imprint of Spirit Media Inc. All rights reserved. In Divine Voice™ Color, the words spoken by our Father show in blue, the words of the Son in red, and the words of the Spirit in purple.

IRVAsm

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]